পশুপালন আৰু পশুচিকিৎসা বিভাগে কৃষকসকলৰ অৰ্থনৈতিক লাভালাভৰ অৰ্থে সংগঠিত প্ৰজনন কাৰ্য্যক্ৰমৰ অধীনত প্ৰজননক্ষম গৰুৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিছে। এই লক্ষ্য পূৰণৰ উদ্দেশ্যে ১২৭৫ চৰকাৰী প্ৰতিষ্ঠানত কৃত্ৰিম প্ৰজননৰ পৰিচিতি প্ৰদান কৰা হৈছে আৰু বৰ্তমানে ১২৭৫ কেন্দ্ৰৰ ভিতৰত ৮০০ কেন্দ্ৰই এই উদ্দেশ্যে কাম কৰি আছে। ‘এ আৰ আই এ এছ পি’, ‘এন পি বি বি’ আৰু ‘আৰ কে ভি ৱাই’ ৰ জৰিয়তে কৃষক আৰু বিভাগীয় কৃত্ৰিম প্ৰজননৰ সৈতে জড়িত কৰ্মকৰ্তাসকলৰ দক্ষতা গঢ় দিবলৈ প্ৰয়াস কৰা হৈছে। এয়া লক্ষ্য কৰি লোৱা হৈছে যে ‘এন পি বি বি’ ৰ শেষ পৰ্যায়ৰ সময়ছোৱালৈ সুসংগঠিত প্ৰজনন আঁচনিৰ অধীনত প্ৰজননক্ষম মাইকী গৰুৰ ৫০% সামৰি লোৱা হ’ব।
কিন্তু ৰাজ্য চৰকাৰৰ অধীনৰ সু-প্ৰশিক্ষিত মানৱ শক্তিৰ অভাৱ হোৱাটোয়ে এই কাৰ্য্যক আশা কৰা ধৰণে সামৰি লোৱাৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় ৰূপে দেখা দিছে। ইয়াৰ উপৰিও কৃষকে আশা কৰা ধৰণে জন্তুৰ কৃত্ৰিম প্ৰজনন সেৱা লাভ কৰিবলৈ প্ৰয়োজন অনুপাতে এতিয়াও চৰকাৰী প্ৰজনন কেন্দ্ৰৰ অভাৱ হোৱা পৰিলক্ষিত হয়। কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহত ২৪ ঘণ্টাই সেৱা লাভ কৰিব পৰা সুবিধা থাকিব লাগে আৰু সেই অনুপাতে সেৱা প্ৰদান অঞ্চলৰ বাহিৰত বাস কৰা কৃষকসকলে এই সেৱা লাভ কৰাত ব্যৰ্থ হয়। এই সেৱা বৃদ্ধি কৰাৰ একমাত্ৰ উপায় হৈছে বিভাগে সেৱা প্ৰদান কৰিবলৈ ঢুকি নোপোৱা ভিতৰুৱা অঞ্চলসমূহত বাহিৰৰ উৎসৰ পৰা কৃত্ৰিম প্ৰজনন সেৱা লাভৰ ব্যৱস্থা কৰা। ইয়াক কাৰ্য্যকৰী কৰিবলৈ ভিতৰুৱা অঞ্চলসমূহৰ পৰা আগ্ৰহী শিক্ষিত নিবনুৱা যুৱকক নিৰ্বাচন কৰি লৈ চৰকাৰী নিৰ্দেশনাৰ অধীনত কৃত্ৰিম প্ৰজনন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি কৃষকৰ দুৱাৰমুখত এই সেৱা উপলব্ধ কৰাব লাগিব। এনেদৰে প্ৰশিক্ষণ প্ৰদান কৰি এই সেৱাৰ বাবে প্ৰস্তুত কৰি তোলা ব্যক্তিসকলক ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী বা গোপাল মিত্ৰ বুলি জনা যায়।
চৰকাৰে নেশ্যন্যাল প্ৰগ্ৰেম ফ’ৰ বোভাইন ব্ৰীডিং, খণ্ড ২ অধীনত সমগ্ৰ দেশতে ২০,০০০ ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী প্ৰতিষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই অনুসৰি যিকোনো গো প্ৰজনন কাৰ্য্যসূচীৰ দায়িত্ব পালন কৰাটো তেওঁলোকৰ বাধ্যতামূলক কৰ্তব্য। ইয়াৰ উপৰিও গোপাল মিত্ৰসকলে আত্মনিয়োজনৰ সুবিধা প্ৰদান কৰাটো সহায় কৰে। অসমত ‘অসম লাইভষ্টক ডেভেলপমেণ্ট এজেন্সি’ য়ে ‘এন পি বি বি’ ৰ অধীনত গোপাল মিত্ৰসকলৰ প্ৰশিক্ষণ আৰু প্ৰতিষ্ঠাৰ সংসাধনৰ কাম আৰম্ভ কৰিছে যাৰ জৰিয়তে মানৱ শক্তিৰ সঠিক প্ৰয়োগেৰে ভিতৰুৱা অঞ্চলসমূহ সামৰি লৈ এই সেৱাৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হ’ব আৰু এই কাৰ্য্যক্ৰমৰ অধীনত নিয়োগ কাৰ্য্য সম্পন্ন কৰা হ’ব।
এই প্ৰশিক্ষিত গোপাল মিত্ৰসকলে নিজৰ ক্ষেত্ৰসমূহত কাৰ্য্যত নিয়োজিত হোৱাৰ আগতে ‘ফিল্ড ভেট’ ৰ অধীনত তেওঁলোকৰ নিজা ক্ষেত্ৰসমূহত কঠিন প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া হয়। সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত ‘এন পি বি বি’ ৰ অধীনত বিনা খৰচত গোপাল মিত্ৰসকলক প্ৰয়োজনীয় সামগ্ৰী (কৃত্ৰিম প্ৰজননৰ সামগ্ৰী আৰু লিকুইড নাইট্ৰ’জেনৰ পাত্ৰ) প্ৰদান কৰা হয়। ‘এন পি চি বি বি’ খণ্ড ১ ৰ অধীনত ২০০৮-০৯ বৰ্ষত ‘এ এল ডি এ’ ই ২৮০ গৰাকী ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰশিক্ষণ প্ৰদান কাৰ্য্য সম্পন্ন কৰিছে, খণ্ড ২ ৰ অধীনত ২০১৫-১৬ বৰ্ষত ১৭৪ গৰাকী আৰু ২০১৬-১৭ বৰ্ষত ৫০ গৰাকী ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰশিক্ষণ প্ৰদান কাৰ্য্য সম্পন্ন কৰিছে। ২০১৭-১৮ বৰ্ষত ‘এ এল ডি এ’ ই এশ বা তাতোধিক গোপাল মিত্ৰ প্ৰস্তুত কৰি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।