বৰপেটা ফ্ৰ’জেন চিমেন বুল ষ্টেশ্যনত উৎপন্ন কৰা ফ্ৰ’জেন চিমেন বা হিমায়িত বীৰ্য ইনচ্যুলেটেড জুলীয়া নাইট্ৰ’জেনৰ পাত্ৰত পেকিং কৰি গুৱাহাটীৰ কেন্দ্ৰীয় হিমায়িত বীৰ্য বেংকলৈ পৰিবহণ কৰা হয় আৰু তাৰ পিছত বিভিন্ন গুৰুত্তপূৰ্ণ স্থানত অৱস্থিত ১৫ টা ফ্ৰ’জেন চিমেন বেংক বা হিমায়িত বীৰ্য বেংকলৈ এই বীৰ্য পৰিবহণ কৰা হয়। এই হিমায়িত বীৰ্য বেংকৰ কাৰ্য্য হৈছে কৃত্ৰিম প্ৰজননৰ বাবে বীৰ্য সংৰক্ষণ। প্ৰতিটো হিমায়িত বীৰ্য বেংক (এফ এছ বি) ৰ ৫,০০০ লিটাৰ ক্ষমতাসম্পন্ন বিশাল মজুত ৰখা পাত্ৰ থাকে য’ত -১৯৬ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত লিকুইড নাইট্ৰ’জেনত বীৰ্য সংৰক্ষণ কৰি ৰখা হয়। হিমায়িত বীৰ্য বেংক (ফ্ৰ’জেন চিমেন বেংক) সমূহৰ লিকুইড নাইট্ৰ’জেন ভেন গাড়ীও আছে যিয়ে হিমায়িত বীৰ্য বেংকৰ অধীনত পৰা অত্যন্ত ভিতৰুৱা ঠাইসমূহতো ঘৰে ঘৰে হিমায়িত বীৰ্য আৰু লিকুইড নাইট্ৰ’জেনৰ যোগান ধৰে। বৰপেটা ফ্ৰ’জেন চিমেন বেংকত সংগ্ৰহ কৰা বীৰ্য খানাপাৰাৰ কেন্দ্ৰীয় হিমায়িত বীৰ্য বেংক আৰু নগাওঁ হিমায়িত বীৰ্য বেংকলৈ পৰিবহণ কৰা হয় আৰু ইয়াৰ পিছত ক্ষেত্ৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহত বিতৰণ কৰা হয়। প্ৰয়োজন অনুসৰি ৫৫ লিটাৰৰ ডাঙৰ পাত্ৰৰ পৰা তিনি লিটাৰৰ কঢ়িয়াই নিব পৰা পাত্ৰত বীৰ্য স্থানান্তৰিত কৰা হয় য’ত কৃত্ৰিম প্ৰজনন কাৰ্য্য সম্পাদনৰ বাবে কৃষকৰ দুৱাৰমুখত লিকুইড নাইট্ৰ’জেন আৰু হিমায়িত বীৰ্য প্ৰদান কৰা হয়।
তলত দিয়া হোৱা চিত্ৰটিৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়াটিৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে-
The diagram below shows the process flow of Liquid Nitrogen from Industrial source to AI centers of each districts through Central FSB and their respective FSBs -