মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন উন্নয়ন সংস্থা

‘আই এন এ পি এইছ’: এটি অৱলোকন

অৱলোকন

‘আই এন এ পি এইছ’ হৈছে ‘এন ডি ডি বি’ য়ে বিকশিত কৰা সপ্ত আবেদনযুক্ত এটি কাৰ্য্য সাধনকাৰী গোট যিয়ে ইনফচিছ (Infosys) ৰ সহযোগত কাৰ্য্য সম্পাদন কৰি আহিছে। ই পশু প্ৰজনন পশুচিকিৎসা পৰীক্ষাগাৰৰ সামগ্ৰী প্ৰয়োজন অনুসৰি সংগ্ৰহত ৰখা, জন্তুৰ পৰিপুষ্টি আদি বিষয়সমূহ সামৰি লয়। ইয়াৰ প্ৰথম খণ্ড ‘আই এন এ পি এইছ – ১’ ২০০৮ বৰ্ষত আৰম্ভ হয়। সম্প্ৰতি ২০১২ বৰ্ষৰ পৰা ইয়াৰ দ্বিতীয়টো ভাগে কাম কৰি আছে। ‘আই এন এছ পি আৰ এম’ আবেদন অনুসৰি ‘আই এন এ পি এইছ’ য়ে ‘চি এম ইউ’ ৰ দ্বাৰা চিহ্নিত বীৰ্য ষ্টেশ্যন আৰু পঞ্জীকৃত ম’হ ইয়াৰ আওতাৰ ভিতৰত সামৰি লয়।

  • ৰাষ্ট্ৰীয় পৰ্যায়ত উৎপাদন বৃদ্ধি সম্বন্ধীয় কাৰ্য্যকলাপৰ তথ্য অটুট ৰখা।
  • উৎপাদনক্ষমতা বৃদ্ধিৰ সেৱা প্ৰদানকাৰী আৰু এ আই এ সমূহক তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি প্ৰদান।
  • ক্ষেত্ৰসমূহত সম্পাদন কৰা কাৰ্য্যসমূহ যেনে জন্তুৰ প্ৰজনন, ইহঁতৰ পোৱালিৰ পৰীক্ষা, পৰিপুষ্টি আৰু স্বাস্থ্য কাৰ্য্যক্ৰম ইত্যাদি বিষয়ৰ লেখ ৰখা।
  • পৰিচালকসকলক আৰু কৌশলবিদসকলক তেওঁলোকে ক্ষেত্ৰসমূহত সম্পাদন কৰা কাৰ্য্যসনূহৰ পৰীক্ষণ আৰু নিয়ন্ত্ৰণ সুচাৰুৰূপে কৰিব পৰাকৈ তথ্যৰ যোগান ধৰা।
  • ক্ষেত্ৰ পৰ্যায়ত কৰা জন্তুৰ সতি-সন্ততিৰ পৰীক্ষণেৰে জন্ম দিয়া মাইকী ম’হৰ মূল্যাংকন কৰা।
  • কাৰ্য্য সম্পাদনৰ মধ্যম পৰ্যায়ত সংশোধিত কৰিব পৰাকৈ আৰু ভৱিষ্যৎ পৰিকল্পনা গঢ় দিব পৰাকৈ তথ্যৰ সৃষ্টি।
  • ‘আই এন এ পি এইছ’ য়ে কৃষকসকললৈ লাভ কৰিবলৈ সহজ আৰু নিৰ্ভৰযোগ্য সেৱা প্ৰদান কৰে আৰু কৃষকসকলে পালন কৰা গৰু, ম’হ ইত্যাদি জন্তুৰ স্বাস্থ্য সম্বন্ধীয় বা-বাতৰি সময়মতে আগবঢ়ায়।
  • ‘আই এন এ পি এইছ’ আবেদন ডেস্কটপ, পি ডি এ, উইণ্ডোজ ম’বাইল, নোটবুক ইত্যাদি বিভিন্ন সৰঞ্জামেৰে চলাব পাৰি।

মূল বিশেষত্বসমূহ

  • অনলাইন অফলাইন উভয় উপায়েৰেই এই আবেদনে কাম কৰে।
  • একাধিক ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰে আৰু তথ্য লাভ কৰিব পাৰে।
  • সকলো ব্যৱহাৰকাৰীৰে কেন্দ্ৰীয় সেৱা পোৰ্টেলৰ সৈতে যোগাযোগ স্থাপন হয়।
  • প্ৰকৃত সময়ৰ জাননী প্ৰদান কৰে।

‘আই এন এ পি এইছ’ ৰ সাতপ্ৰকাৰৰ আবেদন                                     

  • জন্তুৰ পঞ্জীকৰণ।
  • কৃত্ৰিম প্ৰজনন সেৱা প্ৰদান।
  • পোৱালিৰ পৰীক্ষা।
  • স্বাস্থ্য আৰু ৰোগৰ প্ৰতিবেদন।
  • পৰিপুষ্টি।
  • পৰীক্ষাগাৰৰ বিশ্লেষণ।
  • ষ্ট’ক মেনেজমেণ্ট।
  • অধিক তথ্যৰ বাবে : ‘আই এন এ পি এইছ’ ৰ লিংকৰ সৈতে যোগাযোগ কৰক।