মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন উন্নয়ন সংস্থা

State Cattle Breeding Policy

ৰাজ্যৰ গো প্ৰজনন কাৰ্য্যক্ৰমৰ সূচনা

ইনটেনশ্বিভ ক্যাটেল ডেভেলপমেণ্ট প্ৰজক্টৰ হিমায়িত বীৰ্য প্ৰযুক্তিয়ে ৰাজ্যত পৰিচিতি লাভ কৰাৰ পিছতে ১৯৬৮-৬৯ বৰ্ষত গো প্ৰজনন কাৰ্য্যসূচী (ক্যাটেল ব্ৰীডিং প্ৰগ্ৰেম) য়ে গতি লাভ কৰিবলৈ আৰম্ভ কৰে। ৰাষ্ট্ৰীয় প্ৰজনন নীতি (নেশ্যন্যাল ব্ৰীডিং পলিচি) অনুসৰি এই আঁচনিয়ে জাৰ্ছি বীৰ্যৰ বিষয়ে পৰিচয় ডাঙি ধৰে কিন্তু ইয়াৰ বিদেশী প্ৰজাতিৰ বিষয়ে তেওঁলোকে বাখ্যা আগবঢ়োৱা নাই। ১৯৮৫-৮৬ বৰ্ষৰ শেষৰ ফালে বিভাগে এঘাৰটা আই চি ডি পি স্থাপন আৰু ১.১ মিলিয়ন প্ৰজননক্ষম গৰু সামৰি লৈ গ্ৰাম্য আন্তঃগাঁথনিৰ সৈতে জড়িত কাৰ্য্যসূচী হাতত ল’বলৈ সক্ষম হৈছে। ই এঘাৰ আই চি ডি পি, ২৬ আঞ্চলিক কৃত্ৰিম প্ৰজনন কেন্দ্ৰ (আৰ এ আই চি) আৰু ৫৪৭ ষ্ট’কমেন চেণ্টাৰ সামৰি লয়। ‘আই চি ডি পি’ ৰ অধীনৰ বৰ্ণসংকৰ জাতৰ উৎপাদন কাৰ্য্যসূচীৰ ফলাফললৈ লক্ষ্য কৰি ১৯৮০ চনত ইয়াৰ পূৰ্বৰ নীতিৰ সালসলনি ঘটোৱা হয় যি নীতিয়ে তিনিটা ভিন্ন জাতৰ পৰা বৰ্ণসংকৰ উৎপাদনৰ পোষকতা কৰিছিল। জাৰ্ছি, ৰঙা সিন্ধি আৰু স্থানীয় গৰু যোগ কৰি উন্নত মানৰ জাৰ্ছি গৰু ৫০ শতাংশ, ৰঙা সিন্ধি ২৫ শতাংশ আৰু স্থানীয় গৰু ২৫ শতাংশ উৎপাদন কৰা হয়।

সাম্প্ৰতিক অৱস্থা

১৯৮০ চনৰ নীতিৰ সমীক্ষাৰ পিছত এটি সংশোধিত প্ৰজনন নীতি ১৯৯৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু সেই অনুসৰি উন্নত মানদণ্ডৰ বৰ্ণসংকৰ জাতৰ বিদেশী জাৰ্ছিৰ সৈতে অসমৰ থলুৱা জাতৰ গৰুৰ প্ৰজনন ঘটাই ৫০ শতাংশ জাৰ্ছি প্ৰধান ক্ষেত্ৰসমূহত আৰু ৬২.৫ শতাংশ অন্যান্য নিৰ্বাচিত ক্ষেত্ৰৰ বাবে বাছনি কৰা হয়। দ্বিতীয় সংশোধিত প্ৰজনন নীতি ৩০ ডিচেম্বৰ ২০০২ ত চৰকাৰী জাননী নং VFV-255/2002/pt/23 Dtd. Dispur, the 30th Dec/2002 ত প্ৰচাৰিত হয়।

জাৰ্ছি ব্যৱহাৰ প্ৰজনন নীতি

বহিৰাগত উত্তৰাধিকাৰীৰ স্তৰ
৫০%৬২.৫%
সমগ্ৰ ৰাজ্যতে এয়া প্ৰয়োগ কৰা হ’ব।আংশিকভাৱে এটি সীমাৰেখাৰ অধীনত এয়া সম্পন্ন হ’ব।
বৃহৎ সংখ্যক বৰ্ণসংকৰ জাতৰ গৰু উৎপাদন। ইয়াৰ প্ৰধান লক্ষ্য হ’ব ৫০ শতাংশ জাৰ্ছি আৰু ৫০ শতাংশ দেশীয় গৰু।খেতিয়কে বিচৰা ধৰণে যিসমূহ অঞ্চলত পশুখাদ্য উপলব্ধ, য’ত বজাৰৰ সু-সংযোগ স্থাপন হোৱাত সহায়ক হয় আৰু য’ত শিক্ষিত উদ্যোগী আছে যিসকলে এই কাৰ্য্যসমূহৰ সুপৰিচালনা কৰিব পাৰে তেনে স্থানত ইয়াৰ সুবিধা প্ৰদান।

হোলষ্টেইন ফ্ৰায়েশ্বিয়ান ব্যৱহাৰ কৰি কৰা প্ৰজনন

  • এটি সীমাৱদ্ধ স্কেলৰ ভিতৰত হোলষ্টেইন ফ্ৰায়েশ্বিয়ানৰ প্ৰয়োগ কৰা হয়।
  • কিছুমান নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত য’ত পশুখাদ্য অধিক উৎপন্ন হয় আৰু ই সহজে উপলব্ধ তেনে স্থানত কৃষকে আশা কৰা ধৰণে এখন দুগ্ধৰ বজাৰ লাভ কৰিবলৈ সক্ষম হয়।
  • হোলষ্টেইন ফ্ৰায়েশ্বিয়ানৰ বৰ্ণসংকৰ জাত F1 ৰ সৈতে ৫০ শতাংশত সীমাৱদ্ধ ৰখা হয়।

ড্ৰাফট এবিলিটী নীতি :ৰাজ্যত ড্ৰাফট ক্ষমতা উন্নীতকৰণৰ তিনিটা নীতি আছে

  • বৰ্ণসংকৰ জাতৰ মতা জাৰ্ছি গৰুৰ ব্যৱহাৰ নীতি: বৰ্ণসংকৰ জাতৰ মতা জাৰ্ছি গৰু (জাৰ্ছি আৰু দেশীয় গৰুৰ মিলনৰ ফলত হোৱা) ৰ তুলনামূলকভাৱে দেশীয় গৰুতকৈ কম সময়ৰ ভিতৰত উন্নতমানৰ ড্ৰাফট ক্ষমতা থাকে।
  • দেশীয় বলধ গৰু ব্যৱহাৰ নীতি: এই নীতিৰ লক্ষ্য হৈছে দেশীয় গৰু নিৰ্বাচন, জাৰ্মপ্লাজম সংৰক্ষণ কৰি দেশীয় গৰুৰ ড্ৰাফট ক্ষমতা উন্নত কৰা।
  • নিভাঁজ দেশীয় গৰুৰ প্ৰজননেৰে স্থানীয় গৰুৰ উন্নতি সাধন: এই উন্নতি সাধন কাৰ্য্যসূচীৰ লক্ষ্য হৈছে গৰুৰ ড্ৰাফট আৰু গাখীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।

ম’হ প্ৰজনন নীতি

ৰাজ্যত পোৱা ম’হৰ সংখ্যা ইহঁতৰ আচাৰ ব্যৱহাৰ আৰু ক্ৰম’জমৰ দিশেৰে চাবলৈ গ’লে নদী অঞ্চলত থকা ম’হৰ প্ৰকাৰতকৈ জলাশয় বা পিতনিত থকা ম’হৰ সংখ্যা অধিক। অৱশ্যে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত নদীকাষৰীয়া ম’হৰ জাত অধিক উন্নত হয়। জলাশয় পাৰৰ ম’হৰ গাখীৰ চৰ্বি আৰু প্ৰ’টিনৰ জোখাৰে চহকী।

  • নিৰ্বাচিত জলাশয় কাষৰীয়া ম’হৰ প্ৰাকৃতিক প্ৰজনন

বিশুদ্ধ প্ৰাকৃতিক প্ৰজনন আৰু নিভাঁজ জলাশয় ম’হৰ নিৰ্বাচনেৰে অসমত দেশীয় ম’হৰ আনুবংশিক উন্নতি সাধন কৰা হয়। অসমৰ দেশীয় জলাশয় ম’হ প্ৰজনন নীতিয়ে তলত উল্লেখ কৰা তিনিটা প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণ কৰে-

  1. জাৰ্মপ্লাজম বা অনুবংশিক পৰিক্ৰমা সংৰক্ষণ।
  2. কৃষিকাৰ্য্যৰ বাবে প্ৰয়োজন হোৱা জন্তুৰ প্ৰয়োজনীয়তাৰ বিপুল অংশ পূৰণ।
  3. উন্নত মানদণ্ডৰ গাখীৰৰ উৎপাদন বৃদ্ধি।
  • মূৰাহ ম’হৰ নিভাঁজ প্ৰজনন

অসমৰ কৃষি উপযোগী পৰিৱেশত সু-সংগঠিত ফাৰ্ম ব্যৱস্থাত মূৰাহ (Murrah) আৰু চুৰ্তি (Surti) ম’হে সন্তোষজনকভাৱে কাম কৰিবলৈ সক্ষম হৈছে। শিক্ষিত উদ্যোগী আৰু চহকী খেতিয়কসকলক প্ৰগাঢ় ব্যৱস্থাপনাৰ মজেৰে এই দুই নদী কাষৰীয়া (Riverine) জাতৰ ম’হক পালন কৰিবলৈ উৎসাহ প্ৰদান কৰা হয়। আনুবংশিক পৰিক্ৰমাৰ ধাৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে ভাল জাতৰ একোটাকৈ মূৰাহ আৰু চুৰ্তি পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

  • চোৱাম্প আৰু মূৰাৰ বৰ্ণসংকৰ প্ৰজনন

ক্ৰ’মজমৰ মাজত থকা পাৰ্থক্যৰ বাবে মতা মূৰা আৰু মাইকী চোৱাম্পৰ মাজত প্ৰজননৰ ফলত হোৱা দুগ্ধ উৎপাদন বৃদ্ধিৰ সম্ভাৱনাৰ বাট মুকলি ৰখা হৈছে। নদীৰ পাৰৰ বৰ্ণসংকৰ জাতৰ চোৱাম্প ম’হৰ উৰ্বৰতা আৰু ইয়াৰ কাৰ্য্য সম্পাদন প্ৰদৰ্শনৰ বিষয়ত যথেষ্ট তথ্য নথকাৰ বাবে বৰ্ণসংকৰ প্ৰজনন কাৰ্য্যত আগবাঢ়োতে যথেষ্ট সাৱধনতা অৱলম্বন কৰিবলগীয়া হয়। সেয়েহে এই কাৰ্য্য প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে সম্পাদন কৰিবলগীয়া হয়।