মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন উন্নয়ন সংস্থা

কৃত্ৰিম প্ৰজনন সেৱাৰ উপলব্ধকৰণ

চিহ্নাংকসূচী:

  • কৃত্ৰিম প্ৰজনন সেৱাৰ উপলব্ধকৰণৰ ফলত যিকোনো কৃষকেই পশুধন পালন কৰিবলৈ সক্ষম হ’ব।
  • কৃষকে মাথো কৃত্ৰিম প্ৰজননৰ বাবে হিমায়িত বীৰ্যৰ খৰচ বহন কৰিব লাগিব।
  • কৃত্ৰিম প্ৰজননৰ পিছত কৃষকে নিৰ্দেশনাসমূহ মানি চলিব লাগিব।

অৱলোকন

‘এন পি চি বি বি’ৰ নিৰ্দেশনা অনুসৰি ৩০০ বিভাগীয় প্ৰতিষ্ঠানত কৃত্ৰিম প্ৰজননৰ সুবিধাৰ পৰিচিতি প্ৰদান কৰা হৈছে। সমগ্ৰ অসমত ১২৭৫ টা গ্ৰাম্য কৃত্ৰিম প্ৰজনন কেন্দ্ৰ আছে আৰু পশুপালক কৃষকৰ প্ৰয়োজন অনুসৰি কৃষকৰ দুৱাৰমুখলৈ গৈ এই সেৱা প্ৰদান কৰা হয়। এই সেৱাই ক্ৰমাগতভাৱে নিবনুৱা যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰিছে।

প্ৰক্ৰিয়া

বৰপেটাত সংগ্ৰহ কৰা বীৰ্য প্ৰথমতে খানাপাৰাৰ কেন্দ্ৰীয় বীৰ্য বেংকলৈ প্ৰেৰণ কৰা হয় আৰু খানাপাৰাৰ কেন্দ্ৰীয় বীৰ্য বেংকৰ পৰা এই বীৰ্য ১৪ টা হিমায়িত বীৰ্য বেংকলৈ প্ৰেৰণ কৰা হয় আৰু তাৰেপৰা ক্ষেত্ৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহলৈ প্ৰৰণ কৰা হয়। ইয়াত ৫৫ লিটাৰৰ ডাঙৰ পাত্ৰৰপৰা ৩ লিটাৰৰ কঢ়িয়াব পৰা পাত্ৰ ব্যৱহাৰ কৰা হয়। এই পাত্ৰসমূহেৰে লিকুইড নাইট্ৰ’জেন আৰু হিমায়িত বীৰ্য ক্ষেত্ৰসমূহলৈ কঢ়িওৱা হয় আৰু অৱশেষত ইয়াৰে কৃষকৰ দুৱাৰমুখত সেৱা আগবঢ়োৱা হয়।

যোগ্যতাৰ মাপকাঠি

ইয়াত কোনো বিশেষ যোগ্যতাৰ প্ৰয়োজন নহয়। যি পশুপালক কৃষকে তেওঁ পালন কৰা পশুৰ কৃত্ৰিম প্ৰজনন পদ্ধতিৰে উন্নত জাত লাভ কৰিবলৈ ইচ্ছা কৰে তেওঁ কৃত্ৰিম প্ৰজনন সেৱাৰ বাবে আবেদন কৰিব পাৰে।

মাচুল

পশুপালক কৃষকে প্ৰতি হিমায়িত বীৰ্যৰ বীজৰ বাবে ৫০ টকাকৈ খৰচ বহন কৰিব লাগে।

প্ৰয়োজন হোৱা নথিপত্ৰ

হিমায়িত বীৰ্যৰ বীজৰ তথ্য আৰু বীৰ্য প্ৰয়োগ কৰা হোৱা গৰুৰ বিৱৰণৰ টোকা ৰাখিব লাগে।

জৰুৰী সাময়িকী

(১) কৃষকে জন্তুৰ মিলনৰ লক্ষণৰ আৰম্ভণি দেখিবলৈ পোৱা সঠিক সময়ৰ বিষয়ে অৱগত কৰিব লাগে।

(২) কৃত্ৰিম পদ্ধতিৰে বীৰ্য প্ৰয়োগৰ পিছত ২৪ ঘণ্টালৈ গৰুজনীক পৰ্যবেক্ষণত ৰাখিব লাগে।

আবেদন কৰাৰ নিয়ম

কৃত্ৰিম প্ৰজনন সেৱাৰ বাবে কোনো নিয়মিত আবেদনপত্ৰ দাখিল কৰাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে নিকটৱৰ্তী কৃত্ৰিম প্ৰজনন বা কৃত্ৰিম বীৰ্যসংৰোপণ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিলেই হয়।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

যোগাযোগৰ ব্যক্তি

নিকটৱৰ্তী চৰকাৰী কৃত্ৰিম প্ৰজনন কেন্দ্ৰ বা ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী (গোপাল মিত্ৰ)।