ৰাজ্য চৰকাৰৰ অধীনত সুপ্ৰশিক্ষিত জনশক্তিৰ অভাৱৰ বাবে কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচীয়ে বাঞ্ছনীয় ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। তদুপৰি জনসংখ্যা অনুসৰি চৰকাৰী কৃত্ৰিম প্ৰজনন কেন্দ্ৰৰ সংখ্যা যথেষ্ট নহয় যাৰ ফলস্বৰূপে এই কেন্দ্ৰসমূহে আৱৰি লোৱা সেৱাক্ষেত্ৰৰ বাহিৰত বসবাস কৰা পশুপালক কৃষকসকলে নিয়ম অনুসৰি ২৪ ঘণ্টাই এই সেৱা লাভ কৰাত ব্যৰ্থ হয়।
সেয়ে বিভাগীয় সেৱাক্ষেত্ৰৰ বাহিৰত বসবাস কৰা কৃষকসলক এই সেৱা উপলব্ধ কৰোৱাৰ একমাত্ৰ উপায় হিচাপে ৰয়গৈ বাহিৰা ক্ষেত্ৰৰ পৰা এই সেৱা আহৰণ। এই কাৰ্য্য সম্ভৱ হৈছে এই কাৰ্য্যত ইচ্ছুক নিৰ্বাচিত শিক্ষিত নিবনুৱা যুৱকৰ অংশগ্ৰহণেৰে যিয়ে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰশিক্ষণ গ্ৰহণ কৰি এই সেৱাই ঢুকি নোপোৱা ভিতৰুৱা অঞ্চলসমূহত কৃষকৰ দুৱাৰমুখত এই সেৱা প্ৰদান কৰি নিজকে ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী বা গোপাল মিত্ৰ হিচাপে পৰিচয় বহন কৰিবলৈ সক্ষম হৈছে।
কোনো খৰচ বহন কৰিবলগীয়া নোহোৱাকৈ বিভাগীয় প্ৰশিক্ষণ কেন্দ্ৰত যোগ্যতাৰ বাবে আঢ়ৈ মাহৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু ডেৰ মাহ সময় নিকটৱৰ্তী পশুচিকিৎসালয়ৰ চিকিৎসকৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ ওপৰত ভিত্তি কৰিহে এগৰাকী ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী গঢ়ি উঠিব পাৰে।
ইয়াৰ কোনো বিশেষ নিৰ্দেশনা নাই।
ইয়াত কোনো মাচুল নালাগে।
শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু বায়ডেটা।
কৃত্ৰিম প্ৰজনন কৰ্মী হিচাপে নিয়োজিত হোৱাৰ আগতে ব্যক্তিগৰাকীয়ে চাৰি মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব।
আবেদনপত্ৰ পূৰণ কৰি জিলা পশুচিকিৎসা বিষয়াৰ জৰিয়তে এই আবেদনপত্ৰসমূহ অসম লাইভষ্টক ডেভেলপমেণ্ট এজেন্সিৰ প্ৰশিক্ষণ গোটত দাখিল কৰাব লাগিব।
এই সেৱাৰ প্ৰকাৰ অফলাইন।
আবেদনপত্ৰ সাধাৰণ কাগজত লিখি স্থানীয় পশুচিকিৎসা বিষয়াৰ জৰিয়তে এই আবেদনপত্ৰ জিলা পশুচিকিৎসা বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব।
(১) ডাঃ মতিউৰ ৰহমান
পৰিচালক, প্ৰশিক্ষণ আৰু পৰামৰ্শদান
যোগাযোগ নম্বৰ ৮৮৭৬১৬০৪২৯
(২) জিলাসমূহৰ পশুচিকিৎসা বিষয়াসকল।
(৩) আবেদনকাৰীয়ে বসবাস কৰা ঠাইৰ পশুচিকিৎসা বিষয়া।