যৌন স্বাস্থ্য নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম যিকোনো প্ৰজনন ব্যৱস্থাপনা কাৰ্য্যসূচীৰ এক অবিচ্ছেদ্য অংগ য’ত কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচী সন্নিৱিষ্ট হ’ব লাগে। ভাল যৌন স্বাস্থ্য ধৰি ৰখাৰ কিছু গুৰুত্তপূৰ্ণ কথাসমূহ তলত উল্লেখ কৰা ধৰণৰ-
অৰ্থনৈতিক ৰূপত দুগ্ধ ফাৰ্ম গঢ়ি তুলিবলৈ হ’লে প্ৰজনন ব্যৱস্থাপনা দিশত এটি সঠিক ধাৰণা অতিব গুৰুত্তপূৰ্ণ বিষয়। প্ৰজনন ব্যৱস্থাপনাৰ লক্ষ্য হোৱা উচিত:
এই সমূহ অৰ্জন কৰিবৰ বাবে, কিছুমান দিশ বিবেচনা কৰা অতিকৈ জৰুৰী:
উৰ্বৰতাৰ দিশত পৰিপুষ্টিয়ে গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰে। স্বাভাৱিক অৱস্থাত দেহৰ অন্যান্য অংগই লাভ কৰা পৰিপুষ্টিয়েই প্ৰজনন অংগৰ সঠিক আৰু স্বাভাৱিক ৰূপত কাৰ্য্যসম্পাদনৰ বাবে যথেষ্ট। কিছুমান বিশেষ অৱস্থাত পৰিপুষ্টিৰ অভাৱ হোৱা সমস্যাৰ উদ্ভৱ হ’লে সেই সমস্যাই প্ৰজনন স্বাস্থ্যৰ ওপৰতো কুপ্ৰভাৱ পেলায়। গৰুয়ে পুষ্টিহীনতাত ভুগি হোৱা প্ৰজনন ৰোগ নিৰাময়যোগ্য কিন্তু ই বিকাশত বাধাৰ সৃষ্টি হোৱা সমস্যাত আক্ৰান্ত হ’লে পিছলৈ ভালদৰে খাদ্য গ্ৰহণ কৰোৱা সত্বেও এনে জন্তুৰ প্ৰজনন অংগৰ সঠিক কাৰ্য্যকাৰীতা সম্পূৰ্নৰূপে স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি আৰু এই কাৰ্য্যত বহু অসুবিধাৰ সৃষ্টি হয়।
কিছুমান বিশেষ আৰু কিছুমান বিশেষত্ব বহন নকৰা সাধাৰণ ৰোগ আছে যিয়ে জন্তুবিধৰ প্ৰজননৰ দিশত বা কেতিয়াবা গোটেই জন্তুবিধকে ৰোগাক্ৰান্ত কৰে, ইয়ে জন্তুবিধৰ প্ৰজনন ক্ষমতাৰ ওপৰত কুপ্ৰভাৱ পেলায়। সঠিক সময়ত লোৱা যত্নই এনে বহু সমস্যাৰ সমাধান কৰিব পাৰে। ৰোগৰ লক্ষণ দেখিলেই অভিজ্ঞ ব্যক্তিক এই বিষয়ে জনাব লাগে যাতে জন্তুবিধক সঠিক সময়ত চিকিৎসা প্ৰদান কৰিব পৰা হয়। গৰ্ভপাত হোৱা, অস্বাভাৱিক ক্ষৰণ আদি সমস্যাক গুৰুতৰ সমস্যাৰূপে লৈ এইবোৰৰ চিকিৎসা ব্যৱস্থা তাৎক্ষণিকভাৱে কৰিব লাগে।
প্ৰজনন দক্ষতাৰ ওপৰত জলবায়ুৰ প্ৰভাৱ সম্পৰ্কে স্পষ্টকৈ জনা নাযায় অৱশ্যে বতৰৰ পৰিৱৰ্তনৰ ফলত কিছুমান নিৰ্দিষ্ট ঋতুত পশুখাদ্যৰ অভাৱ হোৱা হেতুকে এনে এটা সমস্যাৰ উদ্ভৱ হোৱাটোও নুই কৰিব নোৱাৰি। ম’হে বিশেষ ঋতুতহে প্ৰজনন কৰে বাবে ম’হৰ ওপৰত জলবায়ুৰ পোনপটীয়া প্ৰভাৱ পৰে অন্যান্য জন্তুসমূহে অনুকূল ঋতুৰ আগমন ঘটিলেহে স্বাভাৱিক অৱস্থাৰে কাম কৰিবলৈ আৰম্ভ কৰে।
অধিক উৎপাদনক্ষম জন্তুসমূহৰ প্ৰজননৰ সৈতে সম্বন্ধিত সমস্যাসমূহ বৃদ্ধি পাই আহিছে। এইখিনিতে উৎপাদন আৰু প্ৰজননৰ মাজত সম্পৰ্ক স্থাপিত হৈছে।
প্ৰজনন ব্যৱস্থাপনাত হীট ডিটেকশ্যন এটি বিষয় যিয়ে প্ৰধান গুৰুত্ত বহন কৰে। এই হীটৰ উপসৰ্গসমূহৰ বাবে দৈনিক দুবাৰকৈ গৰু আৰু ম’হক অতি সাৱধানেৰে নিৰীক্ষণ কৰিব লাগে। জন্তুয়ে মিলনৰ বাবে কম ইচ্ছা প্ৰকাশ কৰিলে হীট পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত অধিক সাৱধনতা অৱলম্বন কৰিব লাগে। এনে লক্ষণসমূহ পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত অৱহেলা কৰিলে অন্ততঃ ২১ দিনৰ দুগ্ধ উৎপাদনৰ দিশত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় আৰু লগতে এয়া উৎপাদনৰ সময় নোহোৱা বাবে আৰ্থিক দিশটো ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়।
সম্পূৰ্ণ উৰ্বৰতা এটি বিষয় যিটোৰ বাখ্যা আগবঢ়াব নোৱাৰি। সম্পূৰ্ণ অনুৰ্বৰতাৰ অৰ্থ হৈছে জন্তুবিধৰ সম্পূৰ্ণৰূপে প্ৰজনন অক্ষমতা অৱস্থা। এই সমস্যাৰ পৰা যিমান দূৰ সম্ভৱ জন্তুক সুৰক্ষা প্ৰদান কৰি উৰ্বৰ অৱস্থা ৰক্ষা কৰিবলৈ এই সমস্যা উদ্ভৱ হ’ব পৰা কাৰকসমূহ চিনাক্ত কৰি লৈ সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
অধিক জানিবৰ বাবে, কাষৰ লিংকটিত ক্লিক কৰক: বন্ধ্যাত্বৰ উৎপাদকসমূহ