২০১২ ৰ পিয়ল অনুসৰি গ্ৰাম্যাঞ্চলৰ ৬০৮৮১৭২ টা আৰু নগৰাঞ্চলৰ ৮১০২১ টা ছাগলীৰ সংখ্যাই অসমৰ দুখীয়া পশুপালকৰ অৰ্থনৈতিক দিশত অৰিহণা আগবঢ়াই আহিছে আৰু লগতে গ্ৰাম্য অৰ্থনীতিত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ স্থানীয় জাতৰ ছাগলীৰ গোটেই বছৰযুৰি প্ৰজনন কৰিব পৰা ক্ষমতা অটুট থাকে। স্থানীয়ভাৱে উপলব্ধ অসমৰ স্থানীয় ছাগলী আকাৰত সৰু হয়, ই পলমকৈ পূৰঠ হয় আৰু অন্যান্য ভৰতীয় ছাগলী যেনে বীটল, চিৰহী ইত্যাদি আৰু অন্যান্য কৃত্ৰিম প্ৰজননৰ ফলত জন্ম হোৱা ছাগলীতকৈ কমকৈ গাখীৰ দিয়ে।
প্ৰজনন ঋতু: নাতিশীতোষ্ণ ছাগলীৰ প্ৰজনন ঋতু হৈছে বছৰৰ বসন্তকাল আৰু শৰৎকাল। বেছিভাগ ভাৰতীয় জাতৰ ছাগলীয়ে বছৰৰ সকলো সময়তে মিলন হয়।
মাইকী ছাগলীৰ মিলনৰ উপসৰ্গসমূহ: অস্থিৰতা, খাবলৈ ইচ্ছা নকৰা, সঘনে বিশেষ ধৰণে আৰু দুৰ্বলতা প্ৰকাশ কৰি মাতা, সঘনাই প্ৰস্ৰাৱ কৰা, নেজ লৰাই থকা, ফুলি উঠা যৌনাঙ্গ, ভিজা আৰু গোলপীয়া ৰঙৰ স্ৰাৱ নিৰ্গত হোৱা আদি মাইকী ছাগলী মিলনত লিপ্ত হোৱাৰ বিশেষ লক্ষণ।
কৃত্ৰিম প্ৰজননৰ সৰ্বোৎকৃষ্ট সময়: মিলনৰ আৰম্ভণিৰ সময়ছোৱাত বহু কম পৰিমাণে স্ৰাৱৰ উপস্থিতি দেখা যায়। যৌন মিলন কাৰ্য্য আগবঢ়াৰ লগে লগে স্বচ্ছ বিজলুৱা পদাৰ্থসমূহ যোনিদ্বাৰত দেখিবলৈ পোৱা যায়। মিলনৰ শেষৰ সময়ছোৱাত বিজলুৱা পদাৰ্থসমূহ ধোঁৱাবৰণীয়া হৈ উঠে আৰু তেতিয়াই প্ৰজননৰ উৎকৃষ্ট সময় হয়। মিলনৰ শেষ পৰ্যায়ত এই বিজলুৱা পদাৰ্থ চীজৰ দৰে হৈ পৰে। গৰুৰ ক্ষেত্ৰত ডাঠ বিজলুৱা পদাৰ্থ যোনিদ্বাৰৰ পৰা ওলমি পৰা অৱস্থাক প্ৰজনন উৎকৃষ্ট সময় বুলি বিবেচনা কৰা হয়। মাইকী ছাগলীৰ ক্ষেত্ৰত দুখলপীয়া প্ৰজনন ব্যৱস্থাও প্ৰয়োগ কৰা হয়। ইয়াৰ প্ৰথমটো বীৰ্য সোমোৱাই দিয়াৰ ব্যৱস্থা মিলনৰ আৰম্ভণিৰ ২৪ ঘণ্টা আগতে আৰু দ্বিতীয়টো বীৰ্য সোমোৱাই দিয়াৰ প্ৰথমটোৰ ১২ ঘণ্টাৰ পিছত প্ৰয়োগ কৰা হয়।